গুৱাহাটী,১০ জানুৱাৰী: সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যক্ৰমণিকাৰ সমাপ্তি ঘটাই নিজম পৰিল চানমাৰিৰ বাকৰি। ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ২৯ ডিচেম্বৰৰ পৰা ৯জানুৱাৰীলৈ ১১দিনীয়াকৈ আয়োজন কৰা হৈছিল অসম গ্ৰন্থমেলা, গুৱাহাটী। এইবাৰৰ গ্ৰন্থমেলাত অধিকাংশ নতুন গ্ৰন্থই পাঠক সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰৰ গ্ৰন্থমেলাত ভাগ লৈছিল বিভিন্ন ৰাজ্যৰ প্ৰকাশন গোষ্ঠীৰ বিপণীসমূহে। ইয়াৰ মাজত বিদেশী ৰাষ্ট্ৰ হিচাপে বাংলাদেশ ও ভাগ লৈছিল। সৰ্বমুঠ বিপণীৰ সংখ্যা ১৩৫খন।লগতে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল।এইবাৰ গ্ৰন্থমেলাত ৫কোটি ৫৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ সৃষ্টি।