গুৱাহাটী,৩ জানুৱাৰী: অহা ৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ খানাপাৰাৰ ফাৰ্ম গে’ট খেল পথাৰত অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ-কুকুৰা মেলা।পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যােগত অনুষ্ঠিত কৰা হৈছে এই মেলা।এই মেলাত পশুপালকে বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়াৰ সৈতে বিভিন্ন মত বিনিময় কৰিব পাৰিব।আনহাতে মেলাত পশুপালন আৰু দুগ্ধ খণ্ডৰ শেহতীয়া প্ৰযুক্তি,পশুধন আৰু বাণিজ্যিক পক্ষীৰ বিভিন্ন প্ৰজাতি,পশুপালকলৈ পশুপালন সম্পৰ্কীয় বিনামূলীয়া প্ৰশিক্ষণ আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।ইয়াৰ লগতে ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকলৈ ১ লাখ টকাৰ পুৰস্কাৰ,শ্ৰেষ্ঠ গো,ম’হ,ছাগলী,গাহৰি আৰু বাণিজ্যিক পক্ষীপালকলৈ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুকুৰ,মেকুৰীৰ প্ৰদৰ্শনী অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছে।উল্লেখযোগ্য যে ৭ জানুৱাৰীৰ দিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে মেলাৰ সামৰণি পৰিব।