দ্ৰোণৰ সহায়ত বিভিন্ন স্থানত সীমা নিৰ্ধাৰণ কৰিছে মেঘালয়ে

Share

যুক্তা ৰাণী দাস

৯ আগষ্টঃ দ্ৰোণৰ সহায়ত সীমা নিৰ্ধাৰণ কৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ে । মহানগৰীৰ ক‌ই‌নাধৰা , বৰপথাৰৰ উপৰিও বকোৰ এটা অংশত বিশেষ চিহ্ন দি নিজৰ সীমা নিৰ্ধাৰণ কৰিছে মেঘালয়ে । সমান্তৰালভাৱে ‘Google Map’ টো এই এলেকাৰ বিসংগতিপূৰ্ণ মেপ প্ৰকাশ পোৱাত ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে । কিয়নো Google Map ত অসমৰ এক বৃহৎ অঞ্চল চুবুৰীয়া ৰাজ্য মেঘালয় সীমান্তৰ ভিতৰত ‌দেখুৱাইছে । ৰাইজে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে কিয় এখনৰ পিছত সিখনকৈ বৈঠক বহাৰ পিছতো এই অসম মেঘালয়ৰ সীমা নিৰ্ধাৰণৰ সমস্যা সমাধান কৰিব পৰা নাই ৰাজ্য চৰকাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *