স্বাস্থ্যমন্ত্রীৰ ঘোষণা : কাইলৈৰ পৰা নতুন SOP

Share

সুপ্রিয়া তৰফদাৰ

ৰাজ্যত শেহতীয়াকৈ ক’ভিড পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ১০আগষ্ট তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ জাৰি কৰা নতুন SOP ৰ নিয়মাৱলী সমুহ এনেধৰণৰ

  • সকলো জিলাতে সন্ধিয়া ৬.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।
  • সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, আৰু পাচলিৰ দোকান।
  • জিলাসমূহত কোনো এটা এলেকাত এসপ্তাহত ১০গৰাকীতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হ’লে উপায়ুক্তই সেই এলেকাক কনটেইনমেণ্ট জ’ন ঘোষণা কৰিব।
  • আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল।
  • অন্তঃ জিলা যাত্ৰী পৰিবাহী বাছ তথা আন বাহনৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ আসনত সামাজিক দূৰত্ব, মাস্ক আদি ক’ভিড বিধি মানি চলাচলৰ অনুমতি।
  • বিবাহ, অন্তিম সৎকাৰ আদিৰ ক্ষেত্ৰত সৰ্বাধিক দহ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।
  • ৰাজহুৱা স্থানত মাস্ক পিন্ধাতো বাধ্যতামূলক।

Leave a Reply

Your email address will not be published. Required fields are marked *