আই টি বি টিত প্ৰথমবাৰৰ বাবে নিযুক্তি মহিলা বিষয়া

Share

বনিতা বড়ো

নতুন দিল্লী, ৯ আগষ্টঃ ইণ্ডো তিব্বেতান বৰ্ডাৰ পুলিচ চমুকৈ আই টি বি টিত প্ৰথম বাৰৰ বাবে নিযুক্তি কৰা হৈছে মহিলা বিষয়া । নিৰাপত্তা বাহিনীটোত প্ৰকৃতি আৰু দীক্ষা নামৰ দুগৰাকী মহিলাক এছিছটেণ্ট কমাণ্ডোৰূপে নিযুক্তি দিয়া হয়। উত্তৰাখণ্ডৰ মুছৌৰিত থকা আই টি বি পিৰ পেৰেডত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিও উপস্থিত থাকে । তাৰোপৰি, নিৰাপত্তাবাহিনীটোয়ে প্ৰথমবাৰৰ বাবে হিষ্টৰি অৱ আই টি বি পি নামৰ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি আই টি বি পিৰ ইতিহাসত নজিৰ স্হাপন কৰে। নিৰাপত্তা বাহিনীটোৰ মুখপাত্ৰ বিবেক কুমাৰৰ মতে ইয়াৰ পূৰ্বে বাহিনীটোৰ ইতিহাসত কোনো ধৰণৰ গ্ৰন্থ প্ৰকাশ পোৱা নাই । উল্লেখ্য যে, ১৯৬২ ত প্ৰতিষ্ঠা হোৱা এই বাহিনীটোৱে তেতিয়াৰে পৰাই ভাৰত চীন সীমান্তৰ দায়িত্ব পালন কৰি আছে । প্ৰথম অৱস্থাত বাহিনীটোত মাত্ৰ চিকিৎসা বিভাগতহে মহিলা নিয়োজিত হৈ আছিল যদিও এতিয়াৰে পৰা মহিলাসকলে যুদ্ধ ক্ষেত্ৰত অংশগ্ৰহণৰও সুবিধা লাভ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *