মাধুৰীমা ৰায়
গুৱাহাটী, ৯ আগষ্ট: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কেবিনেটত কেন্দ্রীয় মন্ত্রীৰ দায়িত্ব গ্রহণৰ পিছত ১৮ আগষ্টত প্রথমবাৰলৈ গৃহৰাজ্য অসমলৈ আহিব প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্রীসভাত নতুনকৈ অন্তর্ভুক্ত হোৱা ৪৩ গৰাকী নতুন মন্ত্রীক লৈ ৰাজ্যসমূহত এক আশীর্বাদ যাত্রা উলিয়াবলৈ নিৰ্দেশ দিয়ে। জানিব পৰা মতে প্রধানমন্ত্রীৰ নিৰ্দেশত অসমতো বিজেপিয়ে ১৮ আগষ্টত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিল যদিও শেহতীয়াকৈ সোণোৱালে ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক বিজেপিলৈ এক স্পষ্ট বাৰ্তা প্রেৰণ কৰিছে যে তেওঁক আদৰণি জনোৱাৰ বাবে কোভিড বিধি ভংগ হোৱাকৈ যাতে কোনো আয়োজন কৰা নহয়। কেন্দ্রীয় মন্ত্রীজনৰ এই বাৰ্তাই এতিয়া বিমোৰত পেলাইছে বিজেপিৰ ৰাজ্যিক নেতৃত্বক। সোণোৱালৰ এক ঘনিষ্ঠ সূত্রৰ পৰা জানিব পৰা মতে, ১৮ আগষ্টত গুৱাহাটীত উপস্থিত হোৱাৰ পাছত তেওঁ আশীর্বাদ যাত্রাৰ অংশৰূপে মাত্র চাৰিটা বিশেষ স্থানলৈহে যাব। এই স্থানকেইটা হ’ল সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্র, কামাখ্যা মন্দিৰ, কেশৱ ধাম আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যালয়। উল্লেখ্য যে, এই সমগ্র যাত্রাত সৰ্বানন্দ সোণোৱালক সংগ দিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে অসম চৰকাৰৰ অধিকাংশ মন্ত্রীয়ে। এই সকলো কথা জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।