গুৱাহাটী, ১১ ডিচেম্বৰঃ দেশত সঘনাই সংঘটিত হ’বলৈ ধৰিছে অপৰাধজনিত তথা শিহৰণকাৰী ঘটনা। আত্মহনন, ধর্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনাই যেন দেশৰ চৌদিশে মূৰ দাঙি উঠিছে। শেহতীয়াকৈ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰে বাৰ্ষিক অপৰাধ প্রতিবেদন আৰু ভাৰতত আকস্মিক মৃত্যু আৰু আত্মহননৰ প্রতিবেদন প্রকাশ কৰে। ইয়াত কোবা হয় যে, ২০২১ চনত সামগ্রিকভাবে অপৰাধৰ হাৰ ৭%ৰ পৰা ২০২২ চনত ৬.৯% লৈ হ্রাস পাইছিল যদিও চলিত বর্ষত ২০২১ চনৰ তুলনাত মহিলা, শিশু, অনুসূচিত জাতি আৰু চাইবাৰ অপৰাধকে ধৰি নিৰ্দিষ্ট শ্ৰেণীৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে। উক্ত প্রতিবেদন অনুসৰি ২০২১ চনত আত্মহননৰ সংখ্যা ১,৬৪,০৩৩ জনৰ তুলনাত ২০২২ চনত ১.৭০,৯২৪ লৈ বৃদ্ধি পাইছে। তদুপৰি ২০২২ চনত মহিলাৰ বিৰুদ্ধে অপৰাধ কমেও ৪,৪৫,২৫৬ টা গোচৰ পঞ্জীয়ন কৰা হয়, এই সংখ্যা ২০২১ চনৰ তুলনাত ৪% বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে, অসমত ২০১৬ চনৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈ প্রায় ৮.৩৫৪ টা হত্যা, ১৮,৭৬৪ টা আত্মহনন আৰু ১,৭০,১৭৪ টা নাৰীজনিত অপৰাধ সংঘটিত হৈছে। আনহাতে মহানগৰীত ২০১৬ চনৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈ ৫১৯ টা হত্যা, ২,৫২৭ টা আত্মহনন, ৪৫২ টা ধর্ষণ আৰু ৮,৭০০ টা নাৰীজনিত অপৰাধ সংঘটিত হৈছে। অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত তথা অসম আৰক্ষী কঠোৰ হোৱা বুলি চর্চা চলিলেও দেশত ক্রমান্বয়ে বাঢ়ি অহা এনে ঘটনাই সচেতন মহলক যথেষ্ট চিন্তিত কৰি তুলিছে। বিগত দিনসমূহত সংঘটিত। এনে বহু অপৰাধজনিত ঘটনাই অনাগত দিনত এক অনিশ্চিত ভবিষ্যতৰ যে সূচনা কৰিছে সেয়াও নুই কৰিব নোৱাৰি।