আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে সামৰনি পৰিল টকিঅ’ অলিম্পিক ২০২০ ৰ

Share

বন্দনা হাজৰিকা

সমগ্ৰ বিশ্ব কৰোনাৰ কবলত ত্ৰস্তমান হৈ থকা সময়ত জাপানে আয়োজন কৰা টকিঅ’ অলিম্পিকৰ আজি সফল সামৰনি পৰিল । সামৰনি অনুষ্ঠানত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত জাপানে নিজৰ কৃষ্টি – সংস্কৃতিৰ অপূৰ্ব প্ৰদৰ্শনেৰে সকলো ৰাষ্ট্ৰক বিদায় জনাই টকিঅ’ অলিম্পিকৰ সামৰনি ঘটায় । উল্লেখ্য যে সামৰনি অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰে ব্ৰঞ্জ বিজয়ী বজৰং পুনিয়াই । ভাৰতৰ বাবেও টকিঅ’ অলিম্পিক চিৰস্মৰণীয় হৈ ৰব । উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকতেই ভাৰতে সৰ্বাধিক ৭টা পদক জয় কৰি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে । গতিকে জাপানৰ টকিঅ’ অলিম্পিকৰ লগতে ভাৰতৰো অলিম্পিক যাত্ৰাৰ সফল সমাপ্তি ঘটিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *