২০২৪ চনৰলোকসভা নিৰ্বাচনৰ বাবে শাসক বিৰুধী দলসমুহৰ মাজত চলিচে যুদ্ধ

Share

যিহেতু ২০২৪ চলনৰ লোকসভা নিৰ্বাচন ওচৰ চাপি আহিছে , সেয়েহে ৰাজনৈতিক দলসমুহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ৷লোকসভা নিৰ্বাচনৰ বাবে বিৰুধী দলসমুহৰ মাজত যুদ্ধদেহি প্ৰস্তুতি চলিছে ৷ সেয়েহে বিজেপিয়ে ইয়াৰ অংশস্বৰুপে ৰাজ্যৰ সকলো প্ৰান্ততে কাৰ্যকৰ্তা সন্মিলন আৰু গণ সমাবেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰীকে দায়িত্ব অৰ্পণ কৰা হৈছে ৷ এইন লোকসভা নিৰ্বাচনৰ বাবে মন্ত্ৰীসকলক সহযোগ কৰিব দলৰ নেতা , বিধা.ক তথা বিষয়ববীয়া সকলোৱে৷ ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা ২০২১ চনত দলৰ বিধায়ক সকলে বিধানসভা নিৰ্বাচনত যিমান ভোট লাভ কৰিছিল এইবাৰ যাতে তাতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় তাকে লৈ বিজেপিৰ কঠোৰ অভিযান ৷ অভিযান চলাবলৈ বিধায়কসকলক দিয়া হৈছে কঠেৰ নিৰ্দেশ ৷ সেয়েহে বি. টি. আৰু উজনি অসমকে ধৰি ৰাজাৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও বিধানসভা সমষ্টিত কাৰ্যকৰ্তা সন্মিলন , গণ সমাবেশ অনুষ্ঠিত কৰাৰ লগতে ব্যাপক হাৰত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ যোগদানৰ পৰ্ব অনুষ্ঠিত কৰা হৈছে ৷ যিহেতু ৰাজ্যত লোকসভা নিৰ্বাচনক লৈ বিৰুধী দলসমুহৰ মাজত তোলপাৰ লাগিছে গতিকে এইবাৰ কোন চৰকাৰ আহিব সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *