কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীৰ বৃহৎ ঘোষণা

Share

অসম আৰু অসমীয়াই কোনো পৰিস্থিতিত ‘কা’ মানি নলয় বুলি স্পষ্ট কৰি দিয়াৰ পাছতো পুনৰ ‘নাগৰিকত্ব সংশোধনী আইন'(কা)ৰ প্ৰসংগই এতিয়া উত্তাল কৰি তুলিছে অসমৰ ৰাজনীতি।দেওবাৰে পশ্চিমবংগৰ জনসভাত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰই কয় যে,২০২৪ৰ ৩০ মাৰ্চৰ ভিতৰত ‘কা’ৰ চূড়ান্ত অধিনিয়ম প্ৰস্তুুত কৰা হব। অজয় মিশ্ৰৰ এনে ভাষ্যত এতিয়া খৰ্গহস্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনসমূহ।এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সভাপতি পলাশ চাংমাই কয় যে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমত ‘কা’ প্ৰযোজ্য হোৱাটো নিবিচাৰে আৰু হবলৈ নিদিয়ে।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই বিজেপি নেতৃত্বাধীন চৰকাৰক উদ্দেশ্যি কয়,নিৰ্বাচণৰ পূৰ্বে বিজেপিয়ে ‘কা’ক ৰাজনৈতিক উপঢৌকন হিচাপে মানুহৰ মাজলৈ মেলি দিব বিচাৰিছে।ইয়াৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লোৰীণজ্যোতি গগৈয়ে অসমত কোনো পৰিস্থিতিতে ‘কা’ মানি লোৱা নহব বুলি উল্লেখ কৰি কয় যে ১৯৭১ৰ ২৫ মাৰ্চৰ পিছত হিন্দু বিদেশীক যদি বিজেপি নেতৃত্বাধীন চৰকাৰে সংস্থাপন দিব বিচাৰিছে, তেন্তে গুজৰাটত ৰাখক।এই কথা নৰেন্দ্ৰ মোডী চৰকাৰখনে ঘোষণা কৰাৰ পাছত কা ৰ বিধি প্ৰস্তুুত কৰে, কাৰ্যকৰী কৰে সেয়া দেখা যাব।আনহাতে একাংশই প্ৰতিবাৰেই নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ‘কা’ৰ প্ৰসংগ টানি আনে বুলিও মন্তব্য কৰিছে।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষৰ তীব্ৰ বিৰোধীতাৰ পাছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সংসদত ‘কা’ গৃহীত কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোদ্ধে ৰাজ্যৰ দল-সংগঠন তথা ব্যক্তিবিশেষে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।গতিকে উচ্চতম ন্যায়ালয়ত ‘কা’ সংক্ৰান্তীয় গোচৰ চলি থকাৰ সময়তে কেন্দীয় গৃহৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত ‘কা’ ৰ চূড়ান্ত অধিনিয়ম প্ৰস্তুুত কৰা হব বুলি কৰা মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *