গুৱাহাটী ২৭ নবেম্বৰ:– গ্ৰামাঞ্চলৰ যুৱক – যুৱতী, ছাত্ৰ – ছাত্ৰী সকলৰ মাজত এক ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে অনুষ্ঠিত কৰিছে “খেল মহাৰণ” । এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ নামত বিশ্বনাথ বিধান সভা সমষ্টিত লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ পোহৰলৈ আহিছে। উক্ত খেল মহাৰণে সামৰি লোৱা এথলেটিকছ, ফুটবল,কাবাডী, ভলিবল আৰু খ’-খ’ খেল অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে ধাৰ্য কৰা পুঁজি বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী, আৰু বিশ্বনাথ সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ তথ্য প্ৰাপ্ত অভিযোগত প্ৰকাশ পাইছে।
জানিব পৰা মতে উক্ত খেল মহাৰণৰ বাবে এখন পঞ্চায়তৰ বিপৰীতে চৰকাৰীভাৱে কাগজে কলমে উল্লেখ থকা মুঠ পুঁজিৰ পৰিমাণ ৭৫ হাজাৰ টকা। অৰ্থাৎ ৭৫ হাজাৰ টকাৰে খেল মহাৰনৰ বাবে এখন পঞ্চায়তে উক্ত শিতানত ধন ব্যয় কৰাৰ চৰকাৰী হিচাপ কাগজে কলমে উল্লেখ আছে যদিও বিশ্বনাথ জিলাত ইয়াৰ এখন ওলোটা ছবি দেখা পোৱা যায়।বিশ্বনাথ জিলাৰ জিলা ক্ৰীড়া বিষয়া অংকুৰ জ্যোতি পাঠকৰ নেতৃত্বত ৰূপায়ণ হোৱা উক্ত খেল মহাৰণৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে বিশ্বনাথ জিলাৰ একোখনকৈ পঞ্চায়তক দিয়া হৈছে মাত্ৰ ৩৫ হাজাৰ টকাকৈ চৰকাৰী পুঁজি।খেল মহাৰণৰ বাবে ৭৫ হাজাৰ টকাৰ ভাগে ভাগে হিচাপ থকাৰ পিছতো বিশ্বনাথ জিলাত এখন পঞ্চায়তে মাত্ৰ ৩৫ হজাৰকৈ টকা লাভ কৰাৰ আঁৰত কি ৰহস্য লুকাই আছে তাকে লৈ এতিয়া সন্দেহত পৰিছে জিলাখনৰ ক্ৰীড়া প্ৰেমী ৰাইজ।