গুৱাহাটী, ২৫ নৱেম্বৰঃ বিশ্বৰ বৃহৎ মেলাৰ ভিতৰত ৰাজস্থানৰ পুষ্কৰ মেলা অন্যতম। ৰাজস্থানৰ পুষ্কৰ চহৰত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই সজীৱ পুষ্কৰ উৎসৱে বিশ্বৰ বিভিন্ন প্ৰান্তত পৰা হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। পুষ্কৰ উট মেলা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ লৈকে অনুষ্ঠিত হয়।পুষ্কৰ উট মেলা মূলতঃ উট ব্যৱসায়ৰ বাবে জনাজাত। ৰাজস্থানৰ বিভিন্ন প্ৰান্তত পৰা উটৰ মালিকসকলে তেওঁলোকৰ বহুমূলীয়া উট মেলালৈ আনে বিক্ৰী কৰিবলৈ। ইয়াৰোপৰি উট, ঘোঁৰা আৰু অন্যান্য পশুধনক ৰঙীন সাজ-পোছাক পিন্ধাই আনি পুষ্কৰ উট মেলা অনুষ্ঠানটো আৰম্ভ কৰে। আনহাতে পুষ্কৰ মেলাত জীৱ-জন্তুবোৰক পৰম্পৰাগত সামগ্ৰীৰে সজাই তোলা হয়।যাৰ ফলত ইহঁতক মহৎ দেখা যায়।
সংগীত, নৃত্য প্ৰদৰ্শন আৰু পৰম্পৰাগত প্ৰতিযোগিতা যেনে উটৰ দৌৰ, উটৰ সৌন্দৰ্য্য প্ৰতিযোগিতা,টাগ-অফ-ৱাৰ আদি বিভিন্ন আকৰ্ষণৰ বাবে মেলাখন অধিক আকৰ্ষণীয় হৈ পৰে। ইয়াৰোপৰি পুষ্কৰ মেলাত দৰ্শনাৰ্থী সকলক গোঁফ প্ৰতিযোগিতাত ভাগ ল’বলৈ সুযোগ প্ৰদান কৰে।যত পুৰুষ সকলে একত্ৰিত হৈ নিজৰ আকৰ্ষণীয় কেশসজ্জা প্ৰদৰ্শন কৰি দেখুৱাই। উৎসৱটো কেৱল জীৱ-জন্তু আৰু প্ৰতিযোগিতাৰ বিষয়ে নহয়।এই পুষ্কৰ উৎসৱত স্হানীয় শিল্পী সকলক তেওঁলোকৰ হস্তশিল্প, বস্ত্ৰশিল্প,গহনা আৰু অন্যান্য পৰম্পৰাগত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবেও এক মঞ্চ প্ৰদান কৰে।
এইবছৰৰ পুষ্কৰ মেলা অধিক আকৰ্ষণীয় হৈ পৰিছে। কাৰণ পুষ্কৰ মেলাত বিক্ৰীৰ বাবে এটা মʼহ অনা হৈছে, যাৰ দাম ১১ কোটি টকা।মʼহটোৰ নাম আনমোল। আনমোলক হাৰিয়ানাৰ ছিৰছাৰ পৰা মেলাত অংশগ্ৰহণ কৰিবলৈ অনা হৈছে। বৰ্তমান ৰাজস্থানৰ স্থানীয় অঞ্চলত আনমোলক লৈ এক হুলস্থূল সৃষ্টি হৈ পৰিছে। ইয়াৰ উপৰিও আনমোল এতিয়া সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।
|
ReplyReply to allForward
|