গুৱাহাটী, অক্টোবৰ ৫ঃ ৰাজ্যত এফালে নেৰানেপেৰা বৰষুণ, বানৰ প্ৰকোপ, আনফালে ভূমিস্খলন। এজাক বৰষুণতেই পানীত ডুব যোৱা মহানগৰীত এইবাৰ খহিল অসম ৰাজ্যিক চিৰিয়াখানাৰ গাৰ্ডৱাল। যিকোনো মুহূৰ্ততেই চিৰিয়াখানাৰ পৰা ওলাই আহিব পাৰে পশু-পক্ষী। মহানগৰীৰ বৈকুণ্ঠপুৰত খহিল এই গাৰ্ডৱালখন। স্মাৰ্ট চিটিৰ কথা কোৱা চৰকাৰ স্মাৰ্ট চিটি এইখনেই নেকি? কৃত্ৰিম বানপানীৰ বাবে যমৰ যান্ত্ৰণা ভোগা জনসাধাৰণক লৈ চৰকাৰৰ স্থিতিয়ে এতিয়াও চিন্তিত কৰি ৰাখিছে সাধাৰণ ৰাইজক। এনেস্থলত চিৰিয়াখানাৰ পৰা জীৱ-জন্তু ওলাই আহি মুক্ত বিচৰণ কৰিলে ওচৰ-চুবুৰীয়া জনসাধাৰণৰ কেনে অৱস্থা হ’ব, ইয়াক লৈ বৰ্তমান সংকিত হৈ পৰিছে বহুলোক।