গুৱাহাটী,২১ ছেপ্টেম্বৰ: সমাজৰ বিভিন্ন ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালনেৰে কেইবা গৰাকীও অসম কন্যাই ৰাজ্যবাসীক গৌৰৱান্বিত কৰি তুলিছে । মহিলা সবলীকৰণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে এইবাৰ ৰাজ্যৰ এগৰাকী সাহসী মহিলাই বিশ্বৰ ৬৭ খন দেশ অকলে মটৰচাইকেলেৰে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে । পাঞ্জাবাৰীৰ মীনাক্ষী দাসে অহা ১ ডিচেম্বৰত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি উপস্থিত হʼব নেপালত । পৰৱৰ্তী সময়ত তেওঁ বিহাৰ হৈ পুনৰ মুম্বাইলৈ উভতি আহিব । মুম্বাইৰ পৰা তেওঁ ৰাওনা হʼব ওমানলৈ । তাত উপস্থিত হৈ তেওঁ আৰম্ভ কৰিব ওমানৰ পৰা মধ্যপ্ৰাচ্যৰ দেশসমূহৰ যাত্ৰা ।
এনেদৰে প্ৰায় ১০ মাহৰ যাত্ৰাত তেওঁ ৬৭ খন দেশ সামৰি লʼবলৈ চেষ্টা কৰিব বুলি প্ৰকাশ কৰে । এই যাত্ৰাক লৈ সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,”বাইকেৰে ভ্ৰমণ কৰাৰ ক্ষমতা মহিলাসকলৰো আছে । মই সমাজত এটা উদাহৰণ স্থাপন কৰিব বিচাৰিছোঁ । এই যাত্ৰাত প্ৰত্যাহ্বান আহিব । কিন্তু এই প্ৰত্যাহ্বান নেওচি মই মোৰ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। তদুপৰি এই ভ্ৰমণৰ আন এক উদ্দেশ্য হৈছে মহিলা সবলীকৰণ । মই বিশ্বাস কৰোঁ যে নাৰীৰ শক্তি আৰু সম্ভাৱনা সীমাহীন। মই আনকো নিজৰ সপোন নিৰ্ভয়ে পূৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব বিচাৰোঁ ।”