গুৱাহাটী,১৫ ছেপ্টেম্বৰ:২০১১ ৰ পাছত পুনৰ এবাৰ ভাৰতবৰ্ষত অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ আই.চি.চি. ক্ৰিকেট বিশ্বকাপ । ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইয়াৰ মেচসমূহ । ভাৰতৰ হায়দৰাবাদ, আহমেদাবাদ, ধৰ্মশালা , দিল্লী, চেন্নাই, লক্ষ্ণৌ, পুণে, বাংগালোৰ, মুম্বাই আৰু কলকাতাৰ ১০ খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ইয়াৰ ক্ৰিকেট মেচসমূহ । তাৰ বাহিৰেও গুৱাহাটী, তিৰুৱানানথাপুৰম আৰু হায়দৰাবাদত অহা ২৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৱাৰ্ম আপ মেচ।
বিশ্বকাপৰ মূল পৰ্বৰ খেল আয়োজনৰ সুযোগ নাপালেও গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪ খনকৈ ৱাৰ্ম আপ খেল । ইয়াৰে প্ৰথমখন খেল ছেপ্টেম্বৰৰ ২৯ তাৰিখে বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত,দ্বিতীয়খন খেল ৩০ তাৰিখে ভাৰত আৰু ইংলেণ্ডৰ মাজত,তৃতীয়খন খেল ২ অক্টোবৰত নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আৰু চতুৰ্থখন খেল ৩ অক্টোবৰত আগানিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব ।