এইবাৰ সৌৰ অভিযানত আদিত্য-এল১

Share

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত এইবাৰ ইছৰো সাজু হৈছে সৌৰ অভিযানত।ভাৰতৰ প্ৰথমটো সৌৰ অভিযান,নাম আদিত্য-এল১।ইছৰোৰ ঘোষণা অনুসৰি ইতিমধ্যে ভাৰতৰ প্ৰথমটো সৌৰ অভিযানৰ বাবে যাৱতীয় যো-জা চলাই আছে।ইছৰোৱে কোৱা মতে,২ ছেপ্টেম্বৰৰ পুৱা ১১ঃ৫০ বজাত শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা আদিত্য-এল১ক উ९ক্ষেপন কৰা হ’ব।ইয়াৰোপৰি আদিত্য-এল১ত পিএছএলভি-চি৫৭ ৰকেট ব্যৱহাৰ কৰি উ९ক্ষেপন কৰা হ’ব।আদিত্য-এল১য়ে পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰত্বত থকা সূৰ্য-পৃথিৱী লাগ্ৰেঞ্জ বিন্দু এল১ক পৰ্যবেক্ষণ কৰিব।এই অভিযানত আদিত্য-এল১য়ে ৯০ দিন সময় ল’ব।
   
           ইয়াৰোপৰি ইছৰোৱে জানিবলৈ দিয়া মতে,অষ্টাদশ শতিকাতে পোন প্ৰথমবাৰৰ বাবে ফৰাচী গণিতজ্ঞ যোচেফ-লুই লাগ্ৰেঞ্জৰ নামেৰে নামকৰণ কৰা লাগ্ৰেঞ্জ পইন্ট হ’ল মহাকাশৰ বিন্দু।ইয়াত পৃথিৱী আৰু সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তিয়ে ভাৰসাম্য বজাই ৰাখে,যাৰ কাৰণে সন্তুলনিক অঞ্চল সৃষ্টি হয়।ইছৰোয়ে কৈছে যে,সন্তুলনকেই মহাকাশযান ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব।গতিকে,এতিয়া সকলো দেশবাসীয়ে আশা কৰিছে যে চন্দ্ৰযান-৩ৰ দৰে সৌৰ অভিযানত আদিত্য-এল১ও সফল হয়

Leave a Reply

Your email address will not be published. Required fields are marked *