সোমবাৰে পুৱা উদালগুৰি জিলাত বিদ্যু९স্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা বাহিৰলৈ ওলাই অহাত হাতীটোৱে হাই ভল্টেজ বিদ্যু९ লাইনৰ সংস্পৰ্শলৈ অহা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে । খবৰ অনুযায়ী জিলাখনৰ হাতীগড় অঞ্চলৰ ভাৰত-ভূটান সীমান্তৰ সমীপত এই ঘটনা সংঘটিত হৈছে । চলিত মাহৰ আৰম্ভণিতে গুৱাহাটীৰ উপকন্ঠ অঞ্চলত হাই ভল্টেজ বিদ্যু९ লাইনৰ সংস্পৰ্শলৈ অহাৰ ফলত কমেও তিনিটামান হাতীৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছে ।