বিশ্বনাথ চাৰিআলিত আৰক্ষীৰ সফলতা

Share

এইবাৰ বিশ্বনাথ আৰক্ষীৰ জালত পৰিল দুটাকৈ গভাইত চোৰ।কিছুদিন ধৰি বিশ্বনাথৰ বিভিন্ন ঠাইত চোৰে উপদ্ৰৱ কৰি আছিল।বিশ্বনাথ মধুপুৰৰ ভদিৰাম কলিতা নামৰ লোকজনৰ ঘৰত দিন দুপৰতে কোনো মানুহ নথকাৰ সুযোগ লৈ ভেন্টিলেটৰ ভাঙি লুটি নিছিল সোণৰ আ-অলংকাৰ আৰু নগদ ধন।ইয়াৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে অনুসন্ধান কৰিবলৈ ধৰিছিলে চোৰৰ দলটোৰ বিৰুদ্ধে।অৱশেষত আৰক্ষীৰ জালত পৰে গভাইত চোৰৰ দলটো।চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুডালকৈ সোণৰ চেইন,দুটা ৰূপৰ আঙুঠি,দুপাত সোণৰ কাণফুলি আৰু দুটা সোণৰ আঙুঠি।আনহাতে চোৰৰ দল পৰা কেৱল সোণৰ আ-অলংকাৰ নহয়,নগদ ধনো জব্দ কৰিছে আৰক্ষীয়ে।চোৰ দুটাৰ নাম বুধু গোৱালা আৰুবুধু গোৱালা।অৱশ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰ কেইটাক সোধা-পোছা আৰম্ভ কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *