ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্য শুকুৰবাৰে উপস্থিত হয় গ্ৰীচত ৷ গ্ৰীচত শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ প্ৰধানমন্ত্ৰী দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা গ্ৰীচৰ ৰাজধানীত উপস্থিত হয় ৷ দক্ষিণ আফ্ৰিকাত তেওঁ ১৫ সংখ্যক ব্ৰিকছ সন্মিলিনত (ব্ৰিকছ সন্মিলন-২০২৩)আৰু দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বিশ্বৰ কেইবাজনো নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটকিছৰ আক্ৰমণত মৰ্মে দেশখনত উপস্থিত হয় ৷ তেওঁ উল্লেখ কৰে যে “৪০ বছৰৰ পিছত গ্ৰীচ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মই সন্মনিত”৷ ইয়াৰ পূৰ্বে ১৯৮৩ চনত ইন্দিৰা গান্ধীয়ে গ্ৰীচ ভ্ৰমণ কৰিছিল ৷