২৩ আগষ্টত চন্দ্ৰযান ৩ য়ে বিয়লি ৬.০৪ বজাত চন্দ্ৰৰ বক্ষত অৱতৰণ প্ৰক্ৰিয়াৰ সমাপ্তিৰ পিচতে বিক্ৰম লেণ্ডাৰে
চন্দ্ৰৰ প্ৰথমখন আলোকচিত্ৰ প্ৰেৰণ কৰে ইছৰোৰ মুখ্য কাৰ্যালয়লৈ৷
ইছৰোৰ তৰফৰ পৰা সামাজিক মাধ্যমত এই আলোকচিত্ৰ প্ৰকাশ কৰি কোৱা হৈছে- চন্দ্ৰযান-৩ ৰ লেণ্ডাৰৰ সৈতে মস্ক-আই এছ টি আৰ ইছৰোৰ নিয়ন্ত্ৰণ কক্ষ সৈতে সংযোগ স্থাপণ হৈছে ৷ ইছৰোলৈ প্ৰেৰণ কৰা আলোকচিত্ৰসমূহ লেণ্ডাৰৰ সমান্তৰাল কেমেৰাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল৷ আলোকচিত্ৰখনৰ পৰা স্পষ্ট হৈছে চন্দ্ৰৰ তুলনামূলকভাৱে সমভূমিতে পদাৰ্পণ কৰিছে লেণ্ডাৰ বিক্ৰমে ৷