১৫ আগষ্টত “সদৌ অসম তাৰ্কিক সন্থা”ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত প্ৰাইজমানি অনলাইন তৰ্ক প্ৰতিযোগিতা

Share

গুৱাহাটী, ৬ আগষ্টঃ অসমৰ ন-পুৰণি অগ্ৰজ-অনুজ তাৰ্কিকৰ সমাহাৰেৰে ২০১৭ চনৰ ১৫ আগষ্টত গঠন হোৱা ‘সদৌ অসম তাৰ্কিক সন্থা’ৰ উদ্যোগত ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ আগষ্টত স্বাধীনতা দিৱস আৰু সন্থাৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে সদৌ অসম ভিত্তিত প্ৰাইজমানি অনলাইন তৰ্ক প্ৰতিযোগিতা । প্ৰতিযোগিতাৰ বিষয়- সদনৰ মতে, ‘সংৰক্ষণ ব্যৱস্থা সমতা আৰু ন্যায়ৰ পৰিপন্থী’। প্ৰতিযোগিতাখনত দলীয় আৰু ব্যক্তিগত দুয়োটা শাখাতেই অংশগ্ৰহণ কৰিব পাৰিব। শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ তাৰ্কিক, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক, তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰাৰ উপৰিও ৫ গৰাকী প্ৰতিযোগীক উদগণিমূলক বঁটা প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতাৰ অন্তত প্ৰতিযোগী সকলক বিনামূলীয়া তৰ্ক কৰ্মশালাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা তথা যুৱ তাৰ্কিক প্ৰাঞ্জল প্ৰতীম ডেকাই জানিবলৈ দিয়ে । উল্লেখ্য যে, প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়নৰ অন্তিম তাৰিখ ১২ আগষ্ট ।
উক্ত প্ৰতিযোগিতাখনিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম.এড ফেকাল্টি ড০ বিদুলা শৰ্মাই অধ্যক্ষৰ আসন অলংকৃত কৰাৰ লগতে একালৰ দুগৰাকী সুদক্ষ তাৰ্কিকে বিচাৰকৰ আসন শুৱনি কৰিব । সবিশেষ জানিবৰ বাবে 8638140956 আৰু 6000247720 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *