অহা ২৫ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অসমৰ বিভিন্ন স্থানত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। বিভিন্ন স্থানত হোৱা কেবিনেট বৈঠকত ১,৩০০টাৰো অধিক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।উক্ত সিদ্ধান্তসমূহৰ কিমানসংখ্যক সিদ্ধান্ত চৰকাৰে বৰ্তমান সময়লৈকে কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিছে তাৰ এটা হিচাপ ৰাইজক দিবৰ বাবে এখন ৰিপৰ্ট কাৰ্ড দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।
ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আগত কামৰ প্ৰমাণ দাঙি ধৰাৰ উদ্দেশ্যে,ৰাইজৰ বাবে কিমান সিদ্ধান্ত লৈছিল আৰু কিমান ৰূপায়ণ কৰিছিল সেই সম্পৰ্কে ৰাইজৰ সন্মুখত কেনেদৰে উক্ত ৰিপৰ্ট কাৰ্ড দাঙি ধৰিব পাৰি সেই সন্দৰ্ভত নতুন দিল্লীৰ আছাম হাউছত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ইয়াৰোপৰি, হিমন্ত বিশ্ব শৰ্মাই কেইটামান বিশেষ বিষয় সন্দৰ্ভতো আজি জিলা আয়ুক্তসকলৰ সৈতে থূলমূলকৈ আলোচনা কৰে।আজি সন্ধিয়া চন্দ্ৰত চন্দ্ৰযানৰ অৱতৰণ সময়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যাতে চন্দ্ৰযান-৩ সাক্ষী হ’ব পাৰে সেই বিষয়ে তেওঁ আলোচনা কৰে,লগতে চৰকাৰী কাৰ্যালয়সমূহতো চন্দ্ৰযানৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ মূহূৰ্তটো লাইফযোগে প্ৰদৰ্শন কৰোৱা হ’ব বুলিও আলোচনা কৰে।
আনহাতে,অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যজুৰি পালন কৰিবলগীয়া অমৃত বৃক্ষ আন্দোলনৰ বাবে এটা ‘এপ’ৰ জৰিয়তে ৰাজ্য়ৰ ৪০ লাখ লোকে বৃক্ষৰোপণৰ বাবে আৱেদন জনোৱা বুলি তেওঁ জানিবলৈ দিয়ে আৰু এজন লোকে দুজোপা গছপুলি ৰোপণ কৰিলে ১ কোটি বৃক্ষৰোপণৰ লক্ষ্যত উপনীত হোৱা সম্ভৱ হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।সেইদৰে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত এতিয়া ৰাজ্যখনত উপ-জিলা গঠনৰ প্ৰক্ৰিয়াৰ কামো আগবঢ়াই থকা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়।