ৰাজ্যত পুনৰ সংঘটিত হৈছে অপহৰণ কাৰ্য।এইবাৰ কামৰূপ বিহদিয়াত সংঘটিত হৈছে এই অপহৰণ কাণ্ড।ৰূপজ্যাতি কাকতি নামৰ এজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুৱকক অপহৰণৰ চেষ্টা চলাই আৰক্ষী বেশীয়ে।সন্ধিয়া ৭ বজাত ৰূপজ্যাতি কাকতি বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা নিজৰ কাম শেষ কৰি ঘৰলৈ ৰাওনা হৈছিল,তেনে সময়তে পুলিচ বুলি লিখা এখন বলেৰো বাহন আহি ৰূপজ্যাতিৰ কাষত ৰয় আৰু বাহনখনৰ পৰা এটা দল নামি আহে আৰু ৰূপজ্যাতিৰ মুখত সোপা মাৰি ধৰি বলেৰোত উঠাই লৈ যায়।ৰূপজ্যাতিয়ে চিঞৰিবলৈ চেষ্টা কৰোঁতে অপহৰণকাৰী দলটোৱে ৰূপজ্যাতিৰ হাতত বেজি দি অচেতন কৰে,যাৰ ফলত ৰূপজ্যাতি অৰ্ধচেতন হৈ পৰে।তাৰ পিছতে কমলপুৰৰ ভীৰত বাহনখনৰ গতি কম হোৱাত তাৰ সুযোগ লৈ বাহনখনৰ দুৱাৰ খুলি ওলাই যায় আৰু কথমপি প্ৰাণ ৰক্ষা পৰে ৰূপজ্যাতিৰ।চলন্ত বাহনৰ পৰা জপিওৱা দেখি ঘটনাস্থলীত ৰাইজ একত্ৰিত হয়।ৰাইজক দেখি পলায়ন কৰে অপহৰণকাৰী।এই খবৰ পাই ঘটনাস্থলীত আৰক্ষী আহি অৰ্ধচেতন ৰূপজ্যাতিক কমলপুৰত চিকি९সা কৰাই কিন্তু পিছত চিকি९সকে ৰূপজ্যাতিক জি এম ছি এইছলৈ প্ৰেৰণ কৰে।এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত পৃথককৈ দুখন এজাহাৰ দাখিল কৰে। ২৪ ঘন্টাৰ ভিতৰত অপহৰণকাৰী দলটোক আটক কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছে।
|
ReplyForward
|