বিমানযাত্ৰীৰ বাবে সুখবৰ। এতিয়াৰ পৰা ঘন্টা ঘন্টা ধৰি বিমানবন্দৰত শাৰী পাতি থকাৰ দৰকাৰ নাই। কিয়নো এতিয়াৰ পৰা সহজ হৈ পৰিব বিমানযাত্ৰা। মাত্ৰ আপোনৰ ফটোৰে প্ৰৱেশ কৰিব পাৰিব বিমানবন্দৰত।
বৰঝাৰ বিমানবন্দৰত সংযোজন হ’ল এক নতুন প্ৰক্ৰিয়াৰ। বিমানবন্দৰত মুকলি কৰা হ’ল DIGIYATRA। এতিয়াৰ পৰা দিল্লী – মুম্বাইৰ বিমানবন্দৰৰ দৰে বৰঝাৰ বিমানবন্দৰতো মুকলি হ’ল Face ID ৰ ব্যৱস্থা।
বিমানবন্দৰত অহাৰ পূৰ্বে প্ৰথমে মোবাইলত DIGIYATRA ত পঞ্জীয়ন কৰিব লাগিব তাৰ পিছত টিকটৰ সৈতে ফটো আপলোড কৰি মাত্ৰাকেইটামান ছেকেণ্ডৰ ভিতৰতে প্ৰৱেশ কৰিব পাৰিব বিমানবন্দৰত।
বিমানবন্দৰ এই ব্যৱস্থাৰ শুভাৰম্ভণি কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ বিষয়া ৰাজীৱ বাঞ্চাল ধৰি বিমানবন্দৰৰ মুখ্য বিষয়া উৎপল বৰুৱাই।