অন্ত পৰিল অপেক্ষাৰঃ সম্পূৰ্ণ হৈ উঠিছে অসমৰ নতুন বিধানসভা ভৱন

Share

বহু অপেক্ষাৰ অন্তত সাজু হৈ উঠিছে অসমৰ নতুন বিধানসভা ভৱন । অসমৰ নৱ- নিৰ্মিত ভৱনটো অহা ৩০ জুলাই উদ্বোধন কৰা হ’ব। দেশৰ ৪ ৰাজ্যৰ পাছত অসমত নিৰ্মাণ কৰা হৈছে সু- দৃশ্য অত্যাধুনিক বিধানসভা । এই ভৱনটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিব।

উল্লখ্য যে বিধানসভাৰ এই স্থায়ী ভৱনটোৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল ছিমফ্লেক্স ষ্ট্ৰাক্সাৰক। ১৮,৪৫৯ বৰ্গ মিটাৰ  নৱ- নিৰ্মিত ভৱনটোৰ নিৰ্মাণৰ বাবে ব্যয় ২৩৪ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ৩৫১ কোটি টকালৈ বৃদ্ধি কৰা হয়।

১৫ মহলীয়া নিৰ্মিত নতুন ভৱনটোত বহুতো অত্যাধুনিক সা- সুবিধাৰ ব্যৱস্থা থাকিব, লগতে মূল ভৱনৰ প্ৰথম মহলাত ১৭২ জন বিধায়ক বহিব পৰাকৈ আসনৰ ব্যৱস্থা কৰা হৈছে। এই ভৱনটোৰ নিৰ্মাণ কৰা কাম ২০০৮ চনতে আৰম্ভ কৰা হৈছিল।  ইতিমধ্যে নৱ- নিৰ্মিত ভৱনটো উদ্বোধনৰ বাবে সজাই-পৰাই তোলা হৈছে। ইয়াৰ উপৰিও মুকলি কৰাৰ পূৰ্বে নতুন ভৱনটোৰ চৌহদত গছপুলি ৰোপণ কৰাৰ কাৰ্যসূচীৰে আৰম্ভ কৰিব।    

Leave a Reply

Your email address will not be published. Required fields are marked *