৪মে’ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল এক লজ্জাজনক কাণ্ড।দলৱদ্ধভাৱে ধৰ্ষণৰ বলি হৈছিল দুগৰাকী মহিলা।ধৰ্ষণৰ বলি হোৱা মহিলা দুগৰাকী আছিল কুকি সম্প্ৰদায়ৰ।
দুগৰাকী মহিলা উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ এক চাঞ্চল্যকৰ ভিডিঅ’ পোহৰলৈ আহে।সামাজিক মাধ্যমযোগে বিয়পি পৰা এই দৃশ্যই দেশবাসীক স্তম্ভিত কৰি তুলে।এই ঘটনা পোহৰলৈ অহাৰ এদিন পিছতে মণিপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘটনাৰ লগত জড়িত মুল অভিযুক্তক। মাজনিশা ১ঃ৩০ বজাত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুল অভিযুক্ত পেচি আৱাং লেইকাইৰ হুইৰেম হেৰোডাচ মেইটেইক।আনহাতে, মুল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ উপৰিও ঘৰ জ্বলাই দিয়ে স্থানীয় ৰাইজে।আকৌ এই ঘটলাৰ লগত জড়িত থকা আন চাৰিজনক গ্ৰেপ্তাৰ কৰে মণিপুৰ আৰক্ষীয়ে।