বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাৰ যান-বাহন চলাচল কৰিব পৰা পথ নিৰ্মাণ

Share

অনালি শৰ্মা
লাডাখ, ৬ আগষ্ট : দেশত বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাৰ পথ নিৰ্মাণ কৰা হ’ল । বি আৰ অ’ অৰ্থাৎ ব’ৰ্ডাৰ ৰোড অৰ্গেনাইজেচনে এই পথ নিৰ্মাণ কৰি লাডাখক উন্নয়নৰ নতুন স্বাক্ষৰ বহন কৰাত সুবিধা কৰিছে । ১৯,৩০০ ফুট উচ্চতাৰ এই পথ পূব লাডাখৰ ‘উমলিং লা পাছ’ত চলিত সপ্তাহতে সম্পূৰ্ণ হয় । উল্লেখ্য যে ৫২ কিলোমিটাৰ দীঘল এই পথে দেশখনক নতুন গৰ্বৰ অধিকাৰী কৰিলে । এই পথে ‘উমলিং লা পাছ’ ৰ সৈতে পূব লাডাখৰ চুমাৰ ছেক্টৰৰ গুৰুত্বপূৰ্ণ চহৰক সংযুক্ত কৰিছে । এই পথৰ জৰিয়তে স্থানীয় লোকসকল উপকৃত হোৱাৰ লগতে লেহৰ পৰা ছিচুম,ডেমচোকলৈ প্ৰত্যক্ষ সংযোগ স্থাপন হোৱাৰ ফলতো স্থানীয় লোকৰ বহু ক্ষেত্ৰত সুবিধা হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এখন বিজ্ঞপ্তিত প্ৰকাশ পাইছে । তদুপৰি এই পথে অঞ্চলটোৰ সামাজিক তথা অৰ্থনৈতিক দিশত উন্নত কৰাৰ লগতে লাডাখৰ পৰ্যটনৰো উন্নয়ন সাধিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *