মন্দিৰ প্ৰাংগনত মোবাইল ফোন বা কেমেৰা নিয়াত এতিয়াৰে পৰা নিষেধাজ্ঞা হ’ব পাৰে।শেহতীয়াকৈ কেদাৰনাথ মন্দিৰত কেমেৰা, মোবাইল ফোন নিষিদ্ধ কৰাৰ পিছতেই এইবাৰ শক্তিপীঠ কামাখ্যাতো নিষিদ্ধ হোৱাৰ সম্ভাৱনা আছে কেমেৰা, মোবাইল ফোন।
উল্লেখ্যযোগ্য় যে, কামাখ্যা মন্দিৰৰ এজন পাণ্ডাৰে সৈতে মন্দিৰলৈ অহা এদল যুৱক-যুৱকতীৰ কিছু মনোমালিন্য হোৱাৰ ভিডিঅ’ৰ ভাইৰেল হোৱা দেখা গৈছিল।তাৰ পৰিপক্ষেতিত মন্দিৰ কৰ্তৃপক্ষই এই বিশেষ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য়ে যে, ৪ জুলাইত কামাখ্য়া মন্দিৰ দৰ্শনৰ বাবে অহা এগৰাকী যুৱতীয়ে ইনষ্টাগ্ৰাম একাউন্টত এটা ভিডিঅ’ আপলোড কৰিছিল। এই ভিডিঅ’টোৰ জৰিয়তে মন্দিৰৰ এগৰাকী পাণ্ডাই পূজাৰ বিনিময়ত ধন দাবী কৰাৰ অভিযোগ তোলাৰ লগতে সেই ভিডঅ’টোৱে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
আনহাতে, ভিডিঅ’টোৰ সংক্ৰান্তত পৰৰ্ৱতী সময়ত সেই পাণ্ডাগৰাকীয়ে সকলো কথা মিছা বুলি অভিযোগ কৰিছিল।তেওঁ কৈছিল যে পূজা কৰি দিয়াৰ বিনিময়ত নিজৰ প্ৰাপ্য দক্ষিণা বিচাৰিছিল পাণ্ডাগৰাকীয়ে।এই ভিডিঅ’টোৰ পাছতেই একপ্ৰকাৰৰ কঠোৰ হোৱাৰ পথত দেৱালয় কৰ্তৃপক্ষ ।