কবিতা দেৱী
ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত আৰু এখোজ আগুৱাই ১৩,২০০ কোটি টকা বিনিয়োগৰ উদ্দেশ্যে আজি বিত্ত বিভাগৰ উদ্যোগত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰ, নাবাৰ্ড আৰু Assam Infrastructure Financing Authorityৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান সম্পন্ন কৰা হয় মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত NIDA & RIAS শীৰ্ষক বুজাবুজি চুক্তি (MOU)ত ৰাজ্য চৰকাৰ, নাবাৰ্ড আৰু AIFAৰ প্ৰতিনিধিবৰ্গই স্বাক্ষৰ কৰে।
এই MOU খনে আগন্তুক সময়ত সমাজ কল্যাণ, স্বাস্থ্য, শিক্ষা, পৰ্যটন, ক্ৰীড়া, কৃষি, যাতায়াত ব্যৱস্থাকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে এখন বলিষ্ঠ অসম গঢ় দিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰিব।
অনুষ্ঠানত মুখ্যমন্ত্ৰী লগতে বিত্তমান্ত্ৰী অজন্তা নেওগ, কেইবাগৰাকী মন্ত্ৰী আৰু নাবাৰ্ডৰ উপ পৰিচালন সঞ্চালক শ্ৰী পি.ভি.এছ সূৰ্যকুমাৰৰ লগতে বিত্ত বিভাগৰ অন্যান্য শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে।