অসমত বৃদ্ধি কৰা হ’ল বিলাতী, দেশীয় সুৰাৰ বিপণী আৰু বাৰ’ৰ সংখ্যা। বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যত সুৰাৰ বিপণীৰ সংখ্যা যিধৰণে বৃদ্ধি কৰিছে, যেন সুৰাৰ গংগা বোৱাব বিচাৰিছে বিজেপি চৰকাৰে। সততে জাতি-মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনত ৰাজ্যত সুৰাপ্ৰীতিৰ চূড়ান্ত ৰূপ ধাৰণ কৰিছে।
২০১৬ চনত অসমত বিজেপি চৰকাৰৰ ক্ষমতালৈ অহাৰ পৰা ২০২২ লৈ অসমত ৭৫৭ খন সুৰাৰ বিপণী আৰু বাৰৰ অনুমতি প্ৰদান কৰা হয়। উল্লেখ্য যে, বৰ্তমান ৰাজ্যত ২,৫৭১ খন বিদেশী সুৰাৰ বিপণী আছে । কিন্তু অধিক ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰে পুনৰ ২০০০খন নতুন সুৰাৰ দোকান বৃদ্ধি কৰাৰ লগতে শ্বপিং মলতো বিলাতী সুৰা বিক্ৰি কৰাক লৈ ১১ বজালৈ মলৰ বাৰসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে।
বিজেপি চৰকাৰে কোটি কোটি টকা খৰচ কৰাৰ বাবত সকলো মাধ্যমতে বিজ্ঞাপন প্ৰকাশ কৰি অসমত উন্নয়নৰ গংগা বোৱাইছে বুলি কৃতিত্ব জাহিৰ কৰিছে। অথচ ৰাজ্যৰ সুৰাৰ বিপণী বৃদ্ধি কৰি সুৰাৰ গংগা বোৱাইছে চৰকাৰে।
আনহাতে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ সুৰা নীতিৰ সমৰ্থন কৰি ‘দেশ চলাবলৈ সুৰাৰ দোকান বৃদ্ধি কৰা হৈছে’ বুলি মন্তব্য কৰিছিল। শিক্ষা মন্ত্ৰীৰ এনে মন্তব্যক অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শিক্ষা মন্ত্ৰীৰ মন্তব্য সমাজ জীৱনৰ বাবে অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে কংগ্ৰেছে ।