অনালি শৰ্মা
নতুন দিল্লী , ৫ আগষ্ট : ভাৰতৰ প্ৰথম থলুৱা বিমান বাহক বিক্ৰান্তৰ যোৱা বুধবাৰে প্ৰথম সামুদ্ৰিক পৰীক্ষা আৰম্ভ হয় । আই এ চি ৰ এইখন হৈছে দেশত নিৰ্মিত সকলোতকৈ বৃহৎ আৰু জটিল যুদ্ধ জাহাজ । ৪০,০০০ টনৰ এই বিমানখনৰ নিৰ্মানত ব্যয় হৈছে ২৩,০০০ কোটি টকা । তদুপৰি ২৬২ মিটাৰ দৈৰ্ঘ্য আৰু ৬২ মিটাৰ প্ৰস্থৰ এই জাহাজখনত ৩০ খন ফাইটাৰ জেট আৰু হেলিকপ্টাৰ ৰখাৰ সুবিধা আছে । উল্লেখ্য যে ভাৰতীয় নৌ সেনাই যোৱা ৪ আগষ্ট দিনটোক দেশক গৌৰান্বিত কৰা আৰু ঐতিহাসিক দিন বুলি অভিহিত কৰিছে ।