অন্ত পৰিল আন এক সুৰীয়া যাত্ৰাৰ ! অজান দেশলৈ গুচি গ’ল সুদক্ষিণা শৰ্মা

Share
শেষ হ’ল এটা কাহিনী। অসমবাসীয়ে আৰু শুনিবলৈ নাপায় সেই সুমধুৰ কণ্ঠ। ইহলীলা সম্বৰণ কৰে গায়িকা সুদক্ষিণা শৰ্মাই। দীৰ্ঘদিনৰে পৰা অসুস্থতাত ভুগী আছিল ।
আজি ৰাতিপুৱা ৮-২৫ বজাত এখন ব্যক্তিগত হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৮৯বছৰ।  সুধাকণ্ঠ ড৹ ভূপেন হজৰিকাৰ কনিষ্ঠ ভগ্নী আছিল আৰু সুৰকাৰ দিলীপ শৰ্মাৰ পত্নী। ১৯৩৪ চনৰ ৮আগষ্টত জন্মগ্ৰহণ কৰিছিল  সুদক্ষিণা শৰ্মা জন্মসূত্ৰে নাম আছিল নিৰূপমা হাজৰিকা। ঘৰত তেওঁক সকলোৱে মাতিছিল কুইন। ৰেডিঅ’ত প্ৰথমে গীত তেওঁ কুইন হাজৰিকা নামেৰেই গাইছিল। অতি বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ হাজৰিকাই কুইন হাজৰিকাৰ নাম দিছিল সুদক্ষিণা। তাৰ পাছতে তেওঁ সুদক্ষিণা নামেৰে পৰিচিত হৈ পৰিছিল।
 
শৈশৱতে জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা,ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল। আৰু ১০বছৰ বয়সতে ‘নাহৰ ফুলে নুশুৱায়’, ‘বিশ্বৰ ছন্দে ছন্দে’, অ মইনাকে ধৰি চাৰিটা বাণীবন্ধন কৰিছিল।
২০০২ চনত সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে লাভ কৰিছিল সংগীত নাটক একাডেমী বটা। সুদক্ষিণা শৰ্মাৰ মৃত্যুত আজি সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *