দেশলৈ দ্বিতীয়টো ৰূপৰ পদক জয়েৰে গৌৰৱ কঢ়িয়াই আনিলে মল্লযুজাৰু ৰবি কুমাৰ দহিয়াই

Share

বন্দনা হাজৰিকা

টকিঅ অলিম্পিকত আজি এটাৰ পিছত এটাকৈ পদক জয়ৰ খবৰে উৎফুল্লিত কৰিছে দেশবাসীক ।প্ৰথমে হকীত ব্ৰঞ্জৰ পদক পোৱাৰ আনন্দ মাৰ নৌযাওঁতেই মল্লযুজঁত আন এটা পদক পোৱাত স্বাভাৱিকতেই উঠিছে আনন্দৰ লহৰ । মল্লযুজাৰু ৰবি কুমাৰ দাহিয়াই আজি মল্লযুজঁত ৰূপৰ পদক অৰ্জন কৰে । মল্লযুজঁৰ ফাইনেলত প্ৰৱেশ কৰা খেলুৱৈ গৰাকীয়ে আজি ৰাছিয়াৰ প্ৰতিদ্বন্দি জাভুৰ য়ুগুয়েৰৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি ৰূপৰ পদক জয় কৰে । অলিম্পিকত ৫৭ কেজি শাখাত তেওঁ এই প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *