অলিম্পিক গ’ল্ড মেডেলিষ্ট নীৰজ চোপ্ৰাৰ আন এক সফলতা। এইবাৰ ডাইমণ্ড লীগত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় নীৰজ খেলুৱৈগৰাকী।নীৰজ চোপ্ৰাই আঘাতৰ সমস্যাৰ বাবে এটা মাহ খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছতে আঘাত মুক্ত হৈয়ে দেশবাসীলৈ কঢ়িয়াই আনে এই সুনাম।
উল্লেখ্য যে, ২৫ বছৰীয়া খেলুৱৈগৰাকী প্ৰশিক্ষণৰ সময়ত পেশীজনিত সমস্যাত ভুগিবছিল যাৰ বাবে তেওঁ তিনিটা শীৰ্ষ ইভেন্টৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল।
বিগত বছৰত প্ৰথমবাৰৰ বাবে এই ডাইমণ্ড লীগত অংশ গ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল নীৰজ চোপ্ৰাই। উল্লেখ্য যে, প্ৰতিযোগিতা খনত নীৰজ চোপ্ৰাই পঞ্চম ৰাউণ্ডত সাৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ’ৰ জৰিয়তে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। ফাউলেৰে আৰম্ভ কৰা প্ৰতিযোগিতাখনত দ্বিতীয় প্ৰচেষ্টাত ৮৩.৫২ মিটাৰ আৰু তৃতীয় প্ৰচেষ্টাত ৮৪.০৪, চতুৰ্থ ৰাউণ্ডত পুনৰ ফাউল কৰে।