অসম-মেঘালয় সীমান্তত উত্তেজনা

Share

মাধুৰ্য্য শইকীয়া

৫ আগষ্ট, পশ্চিম কাৰ্বি আংলং : অসম -মিজোৰাম সীমান্তত উত্তেজনা বিৰাজ কৰাৰ সমান্তৰাল ভাৱে অসম-মেঘালয় সীমান্তত আৰম্ভ হৈছে উত্তেজনা ।জানিব পৰা মতে অসমৰ ২১খন গাওঁ মেঘালয়ত অন্তভূক্তিক লৈ আৰম্ভ হৈছে উত্তেজনা । Give and take policy ৰ জৰিয়তে মেঘালয়ত অন্তৰ্ভুক্ত অসমৰ ২১খন গাওঁ । যাৰ পৰিপেক্ষিত্বত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙত । সীমান্তবাসী অসমীয়া ,কাৰ্বি ছাত্ৰ -সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাই আৰম্ভ কৰিছে প্ৰতিবাদ । মেঘালয় চৰকাৰৰ এটা দল জৰীপৰ বাবে আহিছিল যদিও কাৰ্বি আৰু গোৰ্খা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত খেদি পঠিয়াই দলটোক আৰু অসমৰ মাটি দিয়া ন’হব বুলি হুংকাৰ স্থানীয় ৰাইজৰ । চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদে কিমান দিন এনেদৰে সংবাদ শিৰোনাম দখল কৰিব সেয়া হ’ব লক্ষ্যনীয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *