আগন্তুক ৫ বছৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুস্থিত অসম মেডিকেল কলেজত আৰম্ভ হ’ব এম বি বি এছ পাঠ্যক্ৰম। সেই অনুসৰে গুৱাহাটী মেডিকেল কলেজত ১৫৬ খন আৰু অসম মেডিকেল কলেজত ১৭০ খন এম বি বি এছৰ আসনত নামভৰ্তি শীঘ্ৰেই আৰম্ভ হ’ব। ৭ জুনত অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছত ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দুয়োখন মেডিকেল কলেজক এম বি বি এছ পাঠ্যক্ৰমৰ অনুমতি প্ৰদান কৰে।
উল্লেখ্য যে, এম বি বি এছ পাঠ্যক্ৰমৰ চূড়ান্ত ব্যৱহাৰিক পৰীক্ষাৰ সময়ত দুয়োখন মেডিকেল কলেজত নাছিল প্ৰয়োজনীয় ফেকাল্টিৰ আৰু কেমেৰাৰ ব্যৱস্থা। তাৰ উপৰিও ১৪ আৰু ১৫ মাৰ্চত অসম মেডিকেল কলেজত অনুষ্ঠিত হোৱা ব্যৱহাৰিক পৰীক্ষা আৰু ২৩ জানুৱাৰীত অনুষ্ঠিত হোৱা ফিজিকেল ভেৰিফিকেশ্যনৰ সময়তো নাছিল প্ৰয়োজনীয় শিক্ষক লগতে বন্ধ হৈ আছিল কেমেৰা। ঠিক একেদৰে ৩ এপ্ৰিলত অনুষ্ঠিত হোৱা ব্যৱহাৰিক পৰীক্ষাত নাছিল কোনোধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা।
এই সন্দৰ্ভত দুয়োখন মেডিকেল কলেজেলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে জাৰি কৰিছিল জাননী। কিন্তু জাননীৰ উত্তৰ দুয়োখন মেডিকেল কলেজে প্ৰদান কৰিছিল যদিও সন্তুষ্ট হোৱা নাছিল ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে।