কবিতা দেৱী
টকিঅ’ অলিম্পিকৰ পৰা আহিল এক ভাল খবৰ। ৪১ বছৰৰ পাছত ভাৰতে অলিম্পিকত জাৰ্মানী হকী দলক ৫-৪ পইণ্টত হৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিলে। ১৯৮০ চনত ভাৰতীয় হকী দলে ম’স্কো অলিম্পিকত অন্তিমবাৰৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰিছিল। মেচখনৰ প্ৰথমটো গ’ল জাৰ্মানীয়ে কৰে। তাৰপাছত ভাৰতীয় হকী খেলুৱৈ সিমৰণজীৎ সিঙে কৰে ভাৰতৰ হৈ প্ৰথমটো গ’ল। তাৰপিছত পুনৰ জাৰ্মানীয়ে ৩-১ পইণ্টত আগবাঢ়ি যায় যদিও অৱশেষত ভাৰতীয় দলটোৱে জাৰ্মানীক ৫-৪ পইণ্টত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক নিশ্চিত্ব কৰে।