সমাগত অম্বুবাচী মেলা। ২২জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হব নিবৃত্তি। ইতিমধ্যে অম্বুবাচী মেলাক লৈ চলিছে নীলাচলৰ বুকুত ব্যাপক প্ৰস্তুতি। প্ৰতিবছৰৰ দৰে এইবছৰো ভক্তৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হব সুন্দৰ ব্যৱস্থা।
অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামত মন্দিৰ পৰিচালনা সমিতি আৰু প্ৰশাসনৰ যৌথ সভাত কেতবোৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰিছে। নিয়ম সমূহ হৈছে অম্বুবাচী মেলাৰ সময়ত নীলাচলত নিশা ৯ বজাৰ পাছত ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব।পুনৰ পুৱা ৫ বজাৰ পৰা প্ৰৱেশ কৰিব পাৰিব। নিবৃত্তিৰ পিছত দৰ্শকৰ বাবে VVIP, VIP কোনো ব্যৱস্থা নাথাকিব। সোণাৰাম হাইস্কুলৰ খেলপথাৰত শুভাৰম্ভণি কৰা হব অম্বুবাচীৰ। ভক্তসকলৰ বাবে তিনিটা স্থানত নিৰ্মাণ কৰা হব অস্থায়ী শিবিৰ। নিৰাপত্তাৰ বাবে স্থাপন কৰা হব CCTV কেমেৰা। ভক্তসকলৰ বাবে পাণ্ডু-কামাখ্যা সংযোগী নতুন পথ মুকলি কৰি দিয়া হব। পাণ্ডু-পোৰ্ট, সোণাৰাম খেলপথাৰ আৰু কামাখ্যা জংছনত স্থাপন কৰা হব অস্থায়ী শিবিৰ। অম্বুবাচীৰ সময়ত নীলাচলত পানী বা ফলৰ ৰসৰ বাহিৰে অন্য খাদ্য-সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব।