খাৰঘুলিৰ পিছত পুনৰ জাইকাৰ পাইপ ফাটি জলমগ্ন কৰ্মাচ-ৰাজগড় সংযোগী পথ

Share

গুৱাহাটী মহানগৰত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ পাইপ ফাটি জলমগ্ন  গুৱাহাটীস্থিত  কৰ্মাচ আৰু ৰাজগড় লিংক ৰোডত। জাইকাৰ প্ৰকল্পৰ পাইপ ফুটি জলময় হৈ পৰিল সমগ্ৰ অঞ্চল।  সোমবাৰৰ দিনৰ ভাগত জল ব’ৰ্ডৰ পাইপ ফুটি কৰ্মাচ-ৰাজগড় লিংক ৰোডত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। পানীৰ পাইপ ফুটি কেইবা মিটাৰ ওপৰলৈ উঠিছে পানী ফলত জলময় সমগ্ৰ অঞ্চল। জলব’ৰ্ডৰ পানীৰ পাইপত ফুটি সংঘটিত হৈছে এই জলবিস্ফোৰণ। জল ব’ৰ্ডৰ পাইপ ফুটাৰ ফলত অঞ্চলটোত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰ লগতে গাড়ী, মটৰ আৰু স্থানীয় বাসিন্দাসকলৰ বিস্তৰ ক্ষতি সাধন হয়। বৰ্তমান ঘটনাস্থলীত এ এছ ডি এম এৰ এটা দল উপস্থিত হৈ ফাটি যোৱা পাইপ মেৰামতি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। সমগ্ৰ অঞ্চলটোত এতিয়া কেৱল পানী আৰু পানী। 

উল্লেখ্য যে, কিছুদিন পূৰ্বে খাৰঘূলিত সংঘটিত হৈছিল এনে এক অনুৰূপ ঘটনা। জাইকাৰ প্ৰকল্পৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছিল সমগ্ৰ অঞ্চল। যাৰ বাবে এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাজনো। যি সময়ত গুৱাহাটী মহানগৰীত এটুপি খোৱাপানীৰ  পানীৰ বাবে সাধাৰণ জনতাই হাহাকাৰ কৰিব লগীয়া হৈছে। তেনে পৰিস্থিতিত পুনৰ খাৰঘুলিৰ পিছত মহানগৰৰ ৰাজগড় লিংক ৰোডত পাইপ ফুটি হাহাকাৰৰ সৃষ্টি কৰিছে জনতাক।  

 বাৰম্বাৰ ঘটি থকা এনে ঘটনাক লৈ স্থানীয়লোকসকল উদ্বিগ্ন হৈ পৰিছে।  ঘটনাটোক লৈ স্থানীয়লোকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰত তুলাধূনা কৰিছে। তদুপৰি বিভাগীয় কৰ্তৃপক্ষই বৰ্তমান সময়লৈ কিয় এনে সমূহ স্থান ভালদৰে তদাৰক কৰা নাই সেই বিষয়ক লৈ  উদ্বেগজনক স্থানীয়লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *