আজিৰে পৰা পুনৰ আৰম্ভ হ’ব ক’ৰমণ্ডল এক্সপেছ সেৱা্

Share

আজিৰে পৰা পুনৰ আৰম্ভ হ’ব ক’ৰ’মণ্ডল এক্সপেছ।২৭৫ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু ১০০০-ৰো অধিক  লোক আহত হোৱা মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাৰ পিছত বুধবাৰে পুনৰ সেৱা আৰম্ভ কৰিবলৈ আগবাঢ়িছে।ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া আদিত্য কুমাৰ চৌধুৰীয়ে এই কথা কয়

উল্লখযোগ্য যে ,২জুনত  বালাছোৰাৰ বাহানাগা ৰে’ল ষ্টেচনৰ  ওচৰত শালিমাৰ -চেন্নাই ক’ৰমণ্ডেল এক্সপেছৰ এখন ৰখি থকা মালবাহী ৰে’লৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত কেইবাটাও ডবা লাইনচ্যুত হয়।যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।বাহানাগা ৰে’ল ষ্টেচনৰ ওচৰত ক’ৰমণ্ডল এক্সপেছৰ প্ৰায় ১০-১২ টা ডবা লাইনচ্যুত হৈ অন্য এটা ট্ৰেকত পৰি যায়।পৰৰ্ৱতী সময়ত উক্ত ট্ৰেকটোৰে যশৱন্তপুৰৰ পৰা হাওৰালৈ যাত্ৰা কৰা তীব্ৰ বেগী হাওৰা এক্সপেছখনৰ এই ডবাবোৰৰ সৈতে সংঘৰ্ষ হয়।এই দুৰ্ঘটনাটো ”ইলেক্ট্ৰ’নিক ইন্টাৰলকিংঙৰ পৰিৱৰ্তনৰ  ফলত সংঘটিত হৈছে বুলি কয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে।

আনহাতে, সোমবাৰে জিলাখনত যাত্ৰীবাহী ৰে’ল সেৱা পুনৰ আৰম্ভ হোৱাৰ কেইঘন্টামান পিছত হাওৰা- পুৰী বন্দে ভাৰত এক্সপেছ ৰে’লখনে ওড়িশাৰ বালাছোৰত পুনৰ মেৰামতি কৰা ৰে’লপথটো অতিক্ৰম কৰে।যাৰ ফলত বালাছোৰাত সংঘটিত ৰে’ল দুঘৰ্টনাৰ ৫১ ঘ ন্টাৰ পিছত ৰে’ল সেৱা পুনৰ আৰম্ভ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *