প্ৰতিগৰাকী ক্ৰিকেটাৰৰ কেৰিয়াৰত সপোন থাকে টেষ্ট খেলাৰ। তাতে আকৌ বিশ্বকাপ টেষ্ট। আজিৰে পৰা ক্ৰিকেটৰ মাতৃভূমি ইংলেণ্ডত দ্বিতীয় সংস্কৰণৰ বিশ্ব টেষ্ট চেম্পিয়শ্বিপৰ ফাইনেল মেচ। অ’ভেলৰ টেষ্ট ক্ৰিকেটৰ শ্ৰেষ্ঠতৰ যুঁজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আজিৰে পৰা খেল পথাৰত নামিব টীম ইণ্ডিয়া। সদ্যসমাপ্ত আই পি এলৰ অভিযান সামৰি প্ৰায় ২ সপ্তাহ আগতে ইংলেণ্ডত উপস্থিত হৈছে ৰোহিত বাহিনী।
অষ্ট্ৰেলিয়াৰ প্ৰস্তুতি তুংগত। অৱশ্যে অভিজ্ঞতাৰ দিশৰ পৰা অষ্ট্ৰেলিয়াতকৈ এখোপ ঊৰ্ধত ভাৰত।
ভাৰতীয় ক্ৰিকেট দলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম সংস্কৰণত নিউজিলেণ্ডৰে ফাইনেল খেলিছিল। অৱশ্যে প্ৰথম সংস্কৰণত নিউজিলেণ্ড চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰীতে ভাৰত সন্তুষ্ট থাকিবলগীয়া হৈছিল ৰানাৰ্ছ-আপতে। সেয়ে ভাৰতে পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি নকৰে।
ভাৰতীয় সময় অনুসৰি খেলৰ সময় আবেলি ৩-৩০ বজাত।
ৰোহিত শৰ্মা,শুভমন গিল, অজিঙ্কা ৰাহানে, বিৰাট কোহলি, ঈশান কিষাণ আদিৰে গঠিত ভাৰতীয় দলৰ বেটিং লাইন-আপ। মুঠতে ভাৰতীয় দলক পৰাস্ত কৰাটো কঠিন হ’ব পেট কামিন্স বাহিনীৰ।