মাধুৰীমা ৰায়
নতুন দিল্লী, ৪ আগষ্ট: কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বিভিন্ন কাৰণত সময়ে সময়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। যোৱা সপ্তাহৰ সোমবাৰেও ৰাহুল গান্ধী আৰু অন্যান্য কংগ্রেছ নেতাসকলে সংসদলৈ ট্রেক্টৰ ৰেলীৰে কেন্দ্রৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এইবাৰ আকৌ ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রতিবাদত চাইকেল ৰেলীৰে তেঁও প্রতিবাদত নামে। উল্লেখ্য যে মংগলবাৰে ৰাতিপুৱা ৰাহুল গান্ধীয়ে বিৰোধী দলসমূহৰ ১৭ জনীয়া এটা সাংসদৰ দলৰ সৈতে এখন বৈঠকত অংশ লয়। সেই বৈঠকত বিৰোধী দলৰ একতাৰ বিষয়ত আলোচনা কৰা হয়। পাছত ইন্ধনৰ দাম বৃদ্ধি বিষয়তো আলোকপাত কৰি সেই বৈঠকৰ পৰা ওলায়েই বিৰোধী সাংসদৰ দলটোৱে সংসদলৈ চাইকেলেৰে যাত্রা কৰে। চাইকেল চলাব নোৱাৰা কিছু সাংসদে খোজ কাঢ়ি সংসদলৈ যায়। বিৰোধী সাংসদসকলৰ প্রতিবাদৰ এই ৰেলীৰ নেতৃত্ব দিছিল ৰাহুল গান্ধীয়ে। বৈঠকত কংগ্রেছকে ধৰি তৃণমূল কংগ্রেছ, এন চি পি, শিৱসেনা, ডি এম কে, চি পি এম, চি পি আই, আৰ জে ডি আৰু সমাজবাদী পাৰ্টিৰ নেতা উপস্থিত আছিল। সেই বৈঠকলৈ ১৭ টা বিৰোধী দলক নিমন্ত্রণ জনোৱা হৈছিল। কিন্তু বহুজন সমাজ পাৰ্টি (বি এছ পি) আৰু আম আদমী পাৰ্টি বৈঠকত উপস্থিত নাথাকিল। বৈঠকত ৰাহুল গান্ধীয়ে কয়, ‘আপোনালোকক নিমন্ত্রণ জনোৱাৰ একমাত্র উদ্দেশ্য হ’ল যে আমি এক হৈ থকা উচিত। যিমানেই কণ্ঠবোৰ একলগ হ’ব, ই অধিক শক্তিশালী হ’ব, তেতিয়া সেই কণ্ঠক দমন কৰাটো বিজেপি আৰু এছ এছৰ বাবে অধিক কঠিন হ’ব।