কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অশ্ৰয় লৈছে বগা হৰিণে

Share

অনালি শৰ্মা

জখলাবন্ধা, ৪ আগষ্ট : বিশ্বৰ ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছে কেইবাটাও বগা হৰিণ । এই বিষয়ে এতিয়া প্ৰকৃতিপ্ৰেমী সকলৰ মাজতো বিশেষ চৰ্চা লাভ কৰিছে । উদ্যানখনৰ বুঢ়াপাহাৰ বন্যপ্ৰাণী বনাঞ্চলৰ ষষ্ঠ সংযোজন এলেকাৰ সুন্দৰী বন শিবিৰ এলেকাত বগা হৰিণে কিছু দিন ধৰি বিচৰণ কৰি ফুৰা বন বিভাগে প্ৰত্যক্ষ কৰে । উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে আনন্দিত হৈ বগা হৰিণৰ সংখ্যা বৃদ্ধিয়ে দেশী-বিদেশী পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰাৰ কথা কয় । উল্লেখ্য যে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা বগা হৰিণ উদ্যানৰ কেইবা ঠাইটো দেখিবলৈ পোৱা গৈছে । সঞ্চালক গৰাকীৰ মতে ই কোনো বিশেষ প্ৰজাতি নহয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *