অসম-নাগালেণ্ডৰ সীমা সমস্যাকলৈ নাগালেণ্ডৰ মূখ্যমন্ত্ৰী নেইফিও ৰিঅ’ৰ গুৰুত্বপূৰ্ণ মন্তব্য

Share

উপাসনা ডেকা
৪ আগষ্ট : অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাকলৈ বৰ্তমান চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। নাগালেণ্ডৰ মূখ্যমন্ত্ৰীয়ে মঙ্গলবাৰে ৰাজ্যৰ বিধান সভাত অসমৰ সৈতে থকা সীমাৰ বিবাদৰ সমস্যা কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ সহযোগত অতি সোনকালে সমাধান কৰা হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।নাগালেণ্ডৰ বিধানসভাত নাগা পিপলছ ফ্ৰণ্টৰ বিধায়কে সোধাত নাগালেণ্ডৰ মূখ্যমন্ত্ৰীয়ে কয় যে,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ইচ্ছা যে স্বাধীনতা দিৱসৰ পূৰ্বেই উত্তৰ পূৱৰ সীমাৰ সমস্যাসমূহ সমাধা হ’ব লাগে।
এই সন্দৰ্ভত নাগালেণ্ডৰ মূখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসম আৰু নাগালেণ্ডৰ মাজত সীমা সমস্যাসমূহ আতঁৰাই শান্তি বজাই ৰখাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰে।

অসম আৰু নাগালেণ্ডৰ ৫১২ কিলোমিটাৰ আন্তঃৰাজ্যিক সীমা সমস্যাক কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সহযোগত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বেই সমাধান কৰা হ’ব বুলি ঘোষনা কৰে।লগতে মৰিয়নী দিচৈভেলি বিবাদী অঞ্চলসমূহত ১ আগষ্ট পৰাই দুয়োখন ৰাজ্যই নিজৰ নিজৰ আৰক্ষীসমূহ আতঁৰাই ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *