দপ্তৰ সাল-সলনি কৰা হল মোদীৰ মন্ত্ৰীসভাৰ। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে দুজন মন্ত্ৰীৰ বিভাগ সালসলনি কৰিছে। চৰকাৰে কিৰেন ৰিজিজুৰ ঠাইত সংসদীয় পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেহৱালক আইন মন্ত্ৰী হিচাপে নিযুক্তি দি দুজন মন্ত্ৰীৰ দপ্তৰ সলনি কৰে। এক বিজ্ঞপ্তিৰ তথ্য অনুসৰি কিৰেন ৰিজিজুক পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ৱ দিয়া হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ দ্ৱাৰা জাৰি কৰা বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলক পুনৰ দপ্তৰ আৱণ্টন কৰিছে।
এই অনুসৰি, মেহৱালক নিজ বিদ্যমান দপ্তৰৰ উপৰিও আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ৱও দিয়া হৈছে। আনহাতে, ৰিজিজুক পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ৱ দিয়া হৈছে।
উল্লেখযোগ্য যে, পূৰ্বতে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্বত আছিল জিতেন্দ্ৰ সিঙ।