শীঘ্ৰে ৰাজ্যত বন্ধ হ’ব আৰু ৩০০ খন মাদ্ৰাছা ।ইতিমধ্যে চৰকাৰে বন্ধ কৰিবলগীয়া মাদ্ৰাছসমূহৰ তালিকা প্ৰস্তুত কৰিছে।আজি সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । উল্লখ্যযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড০ শৰ্মাই ৰাজ্যখনত মাদ্ৰাছসমূহ বন্ধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।
আনহাতে ,মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ- ছাত্ৰীসকলক আন ছাত্ৰ- ছাত্ৰীৰ দৰে সাধাৰণ শিক্ষা প্ৰদানৰ জৰিয়তে চিকিৎ সক -অভিযন্তা আদিকে ধৰি আধুনিক শিক্ষাৰে সু- শিক্ষিত কৰাৰ বাবেই চৰকাৰখনে এই পদক্ষেপ গ্ৰহণ কৰিছে।ইতিমধ্যে অসম চৰকাৰে ৬০০ খন মাদ্ৰাছ শিক্ষানুষ্ঠান বন্ধ কৰি সেইসমূহ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰ- ছাত্ৰীসকলক সাধাৰণ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই পদক্ষেপৰ প্ৰতি মুছলমান সম্প্ৰদায়ৰ লোকেও যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে।ধৰ্মীয় সম্প্ৰদায়ৰ পৰা এইক্ষেত্ৰত লাভ কৰা সহযোগিতাৰ বাবেই ৰাজ্য চৰকাৰে পুনৰ ৩০০ খন মাদ্ৰাছ শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত লৈ বন্ধ কৰিবলগীয়া মাদ্ৰাছসমূহৰ তালিকা প্ৰস্তুত কৰিছে।
উল্লেখনীয় যে, ৰাজ্যখনত ধৰ্মীয় শিক্ষা প্ৰদানৰ গইনা লৈ একাংশ মাদ্ৰাছা মৌলবাদৰ ঘাটি হৈ পৰিছে।বিগত সময়ছোৱাত তেনেধৰণৰ কেইবাখনো মাদ্ৰাছা প্ৰশাসনে উচ্ছে্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে মৌলবাদী কাৰ্যকলাপৰ সৈতে জড়িত বহু লোকক গ্ৰেপ্তাৰ পৰ্যন্ত কৰিছে।