ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত ব্যাপক সালসলনিৰ সিদ্ধান্ত গ্ৰহণ উপায়ক্ত সন্মিলনত

Share

১৫ মে’ৰ পৰা তিনিচুকীয়াৰ কনভেস্নন চেন্টাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত পঞ্ছম উপায়ুক্ত সন্মিলনৰ বুধবাৰে সামৰণি পৰে।দুদিন ধৰি উপায়ুক্তসকলৰ সৈতে হোৱা মুঠ ৩২ ঘন্টাজোৰা আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত ব্যাপক সালসলনি ঘটোৱাৰ কথা ঘোষণা কৰে।

আনহাতে জিলা উপায়ুক্ত পদৰ বিলুপ্তি ঘটাই এতিয়াৰে পৰা জিলা আয়ুক্ত হিচাপে বিবেচনা কৰাৰ সিদ্ধান্ত লোৱা হয় উপায়ুক্ত সন্মিলত।প্ৰতিটো সমষ্টিক একোখনকৈ উপ- জিলা হিচাপে গঠন কৰি ইয়াৰ প্ৰশালনিক মুৰব্বীক উপায়ুক্ত হিচাপে গণ্য কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।লগতে মাণ্ডলিক আয়ুক্ত ব্যৱস্থাটো ভংগ কৰি দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে , ৰাজহ চক্ৰ বিষয়াসকলক অতিৰিক্ত উপায়ুক্তৰ পদ মৰ্যাদা প্ৰদান কৰা প্ৰতিটো সমষ্টিত গঠন কৰি দিয়া হ’ব একোটাকৈ ৰাজহ চক্ৰ।সমষ্টিৰ সমস্যা যাতে সমষ্টিতে ৰাইজে সমাধান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন ব্যৱস্থাত এই সালসলনি অনা হৈছে বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

উপায়ুক্ত সন্মিলনৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰুপায়ণৰ ক্ষেত্ৰত দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম আগবাঢ়ি থকাৰ কথা উপায়ুক্তসকলে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰে।

আনহাতে , জল জীৱন আঁচনি ৰুপায়ণত অসমে কেৰেলাক পিছ পেলোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।অৱশ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰুপায়ণ প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতৰ কৰি তুলিবৰ বাবে এই সন্মিলনত বিস্তৃত আলোচনা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *