তৃষ্ণা দাস
৩ আগষ্ট: মণিপুৰৰ টুইলাং এলেকাত ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত বোকা মাটিয়ে পুতি পেলায় প্ৰায় ৩০ হেক্টৰ ধাননি পথাৰ । ৰাজ্যখনৰ আটাইতকৈ পুৰণি ঘাইপথ ইম্ফল-তামেংলং পথৰ চেলচি গাঁৱৰ মাজৰ তুজাং বৈচোং অঞ্চলত সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত পথটোত ৩০০ মিটাৰৰো অধিক অংশ পোত গৈছে। যাৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে।