জাপানৰ জি-৭ সন্মিলনত উন্মোচন কৰা হ’ব জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি

Share

অহা ১৯ মে’ৰ পৰা জাপানত আৰম্ভ হ’বলগীয়া জি-৭ গোষ্ঠীৰ সন্মিলনত উন্মোচন কৰা হ’ব মহাত্মা গান্ধীৰ এক আৱক্ষমূৰ্তি। ১৯৪৫ চনত পাৰমাণৱিক বোমা বিস্ফোৰণৰ সন্মুখীন হোৱা বিশ্বৰ প্ৰথম খন চহৰ হিচাপে পৰিগণিত হোৱা হিৰোছিমাত উন্মোচন কৰা হ’ব মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। এই জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰিব আৰু এই সন্মিলনৰ দ্বাৰা আন্তৰ্জাতিক প্ৰেক্ষাপটত অহিংসা আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 

উল্লেখ্য যে, সুদীৰ্ঘ প্ৰায় ৪৫০ দিন ধৰি চলি থকা ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধ, চুদানৰ গৃহ যুদ্ধৰ মাজত শান্তি বাণী বিলাবলৈ হিৰোচিমাত অহিংসা-শান্তিৰ প্ৰতিক মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব। 

বিগত  বছৰত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত চতুৰ্থবাৰৰ বাবে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তাৰ পূৰ্বে ২০২১ চনত ইংলেণ্ড, ২০১৯ চনত ফ্ৰাঞ্চৰ জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে অংশগ্ৰহণ কৰিছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *