সাৱধান ! বিষাক্ত কীটনাশক শাক-পাচলিৰে ভৰিছে ৰাজ্যৰ বজাৰ

Share

ৰাজ্যৰ বজাৰত ফৰ্মেলিণ যুক্ত চালানী মাছৰ পিছতেই পুনৰ ৩০ টা পাচলিৰ নমুনা পৰীক্ষা কৰাত ওলাল বিষাক্ত কীটনাশক ।খাদ্য সুৰক্ষা বিভাগৰ এক তথ্যত পোহৰলৈ আহিছে এই সংবাদ। খাদ্য সুৰক্ষাবিভাগৰ আয়ুক্তই আদালতত দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে শাক-পাচলিত কীটনাশক থকাটো পৰীক্ষা কৰাৰ বাবে আদালতৰ নিৰ্দেশমৰ্মে ছটাকৈ টাস্ক ফ’চ গঠন কৰি দিয়া হৈছে ।এই টাস্ক ফ’চ সমুহে মুঠ ৩০ বিধ শাক পাচলিৰ নমুনা সংগ্ৰহ কৰে ।আৰু এই নমুনাবোৰৰ পৰীক্ষা কৰি পোৱা গ’ল যে ৯বিধ নমুনাতেই বিষাক্ত কীটনাশক ধৰা পৰিছে। এই শাক-পাচলি সমুহত কীটনাশকৰ পৰিমাণ নূণ্যতম মাত্ৰাতকৈও বেছি আছিল ।প্ৰতিবেদনৰ লগতে কোৱা হৈছে যে ৭ মে’ ত যি ৩০ বিধ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ  বাবে দিয়া হৈছিল সেই শাক-পাচলিসমুহৰ ফলাফল এতিয়ালৈ আহা নাই।সেয়েহে আপুনিও সাৱধান হওঁক শাক-পাচলি খোৱাৰ ক্ষেত্ৰত।

খাদ্য সুৰক্ষা বিভাগে আদালতত জনায় যে শাক-পাচলিত পোৱা এই কীটনাশক  পৰীক্ষাৰ বাবে মুম্বাইত থকা  ভাবা আণৱিক গৱেষণা কেন্দ্ৰই প্ৰস্তুত কৰা বায়’কিটৰ প্ৰশিক্ষণ দিবৰ বাবে গৱেষণা কেন্দ্ৰটোৰ পৰা  ড° জিতেন্দ্ৰ কুমাৰ নামৰ বিজ্ঞানী এজন অসমলৈ আহিছিল ।আৰু বিজ্ঞানীজনে খানাপাৰাত থকা উদ্যান শস্য সঞ্চালয়কৰ কাৰ্যালয়ত কৃষি,খাদ্য বিভিন্ন বিভাগৰ বিষববীয়াসকলক বায়’কিটৰ জৰিয়তে শাক-পাচলিত থকা বিষাক্ত কীট-নাশক পৰীক্ষা কৰি চিনাক্ত কৰাৰ বাবেও প্ৰশিক্ষণ দিয়ে। লগতে বিজ্ঞানীজনে কয় যে আদালতে নিৰ্দেশ দিলে তেওঁলোকে কীট-নাশক পৰীক্ষা কৰি চিনাক্ত কৰা  সজুঁলিও যোগান ধৰিব পাৰিব ।

ইয়াৰ উপৰিও বহিঃৰাজ্য পৰা অহা ফৰ্মেলিনযুক্ত চালানী মাছ ৰাজ্যত এতিয়াও বিক্ৰী হৈ থকা বিষয়টোক লৈ সক্ৰিয় হৈছে গুৱাহাটী উচ্চতম ন্যায়ালয়।বিষাক্ত বুলি জনাৰ পিছতো এই মাছৰ বিক্ৰী এতিয়াও বন্ধ নকৰাৰ সন্দৰ্ভত আদালতে চৰকাৰক এই বিষয়ৰ সন্দৰ্ভত কৈফিয়ৎ দাঙি ধৰিছে। লগতে আদালতে এই পি আই এলৰ শুনানি গ্ৰহণ কৰি চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছে।এই জাননী ৰাজ্য চৰকাৰৰ লগতে মীন বিভাগ,খাদ্য সুৰক্ষা বিভাগ আৰু নগাঁও কলেজলৈ প্ৰেৰণ কৰা হৈছে ।আদালতে অহা ২১ মে’ ভিতৰত শপতনামাৰ জৰিয়তে জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *